Posts

সপোনৰ এটি পখিলা

Image
সপোনৰ এটি পখিলা ➤  সপোনৰ এটি পখিলা                                                                                                    কংকন জ্যোতি সিংহ ।   তোমাৰ কাজল সনা দুচকুৰ চাওনি তোমাৰ মিচিকিয়া হাঁহিতি যেন মোক বলিয়া কৰিলে তুমি মোৰ বাবে যেন সপোনৰ এটি মিঠা অনুভৱ, তোমাৰ বাবে যেন মই এই পৃথিৱী সদায় ৰতি আকাশলৈ জুমি চাও সেই  আকাশৰ তৰা বোৰত যেন তোমাকে দেখা পাও দুচকু জপাব নোৱাৰো তুমি অহা মোৰ সপোনত তোমাৰ মৰম পাবলৈ মই ৰৈ আছো উজাগৰে, তুমি যেন মোৰ হৃদৰ এটি প্রেমৰ চাকি তোমাক কোৱলৈ ভয় লাগে কিজানিবা তুমি মোৰ পৰা আতৰি যোৱা । তুমি মোৰ নহলেও তুমি মোৰ হৃদয়ৰ স্পন্দনত সদায়  থাকিবা, তুমি মোৰ বাবে যেন সপোনৰ এটি পখিলা ।   YouTube Video